মন্নতৰ চাদত শ্বাহৰুখ

প্ৰতিবাৰেই আহে অনুৰাগীসকল। হাত মিলাই তেওঁলোকক সম্ভাষণ জনায় শ্বাহৰুখে। তাৰ পাছত বাহু দুটা আগবঢ়াই নিজৰ চিনাকি ছন্দত কেমেৰাৰ সন্মুখত ধৰি ৰাখে। এইবাৰো ইয়াৰ ব্যতিক্ৰম নহ’ল। ‘পাথান’ৰ আমেজত শ্বাহৰুখ খান মন্নতৰ চাদত আবিৰ্ভাৱ হয়

শ্বাহৰুখে ঘৰত বগা বা ক’লা কাপোৰ পিন্ধিবলৈ বেছি পছন্দ কৰে। শনিবাৰে তেওঁক বগা চাৰ্ট আৰু ক’লা জিন্স পিন্ধি দেখা গৈছিল। ডিঙিত ক’লা মালা লৈ আহিছিল খানে। চকুত ছানগ্লাছ পিন্ধিছিল।

পবিত্ৰ ঈদৰ দিনটোত বলীউডৰ ৰজাক চাবলৈ মন্নতৰ সন্মুখত ভিৰ হয়। শাৰী পাতি মানুহ আছিল। এবাৰ শ্বাহৰুখক চাদত দেখি তেওঁলোকৰ উত্তেজনা ভাঙি গ’ল। ‘শ্বাহৰুখ… শ্বাহৰুখ…’ বুলি চিঞৰিবলৈ ধৰিলে।

AssamAssamese NewsbollywoodDaily time axomGuwahatiIndiaInternationalNew Delhi
Comments (0)
Add Comment