Daily Time Axom

পবিত্ৰ অক্ষয় তৃতীয়া উপলক্ষে আই আই টি গুৱাহাটীৰ ছাত্ৰ সমাজে শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয় চেৰিটেবল ট্ৰাষ্টক প্ৰদান কৰিলে লেপটপ

0 37

হিন্দুসকলৰ অতি পবিত্ৰ দিন অক্ষয় তৃতীয়াৰ আজিৰ দিনটোতে গুৱাহাটী আই আই টিৰ ছাত্ৰ সমাজৰ তৰফৰ পৰা এটি লেনেভো লেপটপ শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয় চেৰিটেবল ট্ৰাষ্টক প্ৰদান কৰে । শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয় চেৰিটেবল ট্ৰাষ্টৰ সভাপতি লক্ষেশ্বৰ শৰ্মা, হেমন শৰ্মা আৰু মুকুটেশ্বৰ গোস্বামীৰ উপস্থিতিত আই আই টিৰ ছাত্ৰসকলৰ এটি সঁজাতী দলে দেৱালয় প্ৰাঙ্গনত আনুষ্ঠানিক ভাৱে লেপটপটো অৰ্পন কৰে।

শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয়ক পূৱৰ গয়া তীৰ্থ হিচাপে শাস্ত্ৰত মান্যতা দিয়া আছে। ইয়াৰ লগতে এই দেৱালয়ত ভগৱান শ্ৰীকৃষ্ণই তিনিবাৰ সোশৰীৰে পদাৰ্পণ কৰিছিল বুলি প্ৰবাদ আছে । লোকবিশ্বাস অনুসৰি ইয়াৰ বিষ্ণুপদত অস্হি বিসৰ্জন কৰিলে মোক্ষ লাভ কৰে। এইসকলোবোৰ বিষয় সমগ্ৰ বিশ্বৰ হিন্দুসকলে যাতে জ্ঞাত হয় সেই উদ্দেশ্যে আই আই টি গুৱাহাটীৰ ছাত্ৰসকলে অতি সোনকালে দেৱালয় এটি উৱেব ছাইট মুকলি কৰিব যাতে হাজাৰ হাজাৰ বছৰ পুৰণি বিষ্ণু তীৰ্থ শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয়ৰ ওপৰত গৱেষণা হয় লগতে দেৱালয়খনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় মানৰ পৰ্যটন কেন্দ্ৰ হিচাপে চিহ্নিত কৰিব পৰা যায়। আজি লেপটপ গ্ৰহণ কৰি দেৱালয়খনৰ দলৈ লক্ষেশ্বৰ শৰ্মাই আই আই টিৰ ছাত্ৰসকলৰ এই প্ৰয়াসৰ শলাগ লোৱাৰ লগতে তেখেতসকলে মহান উদ্দেশ্য আগত ৰাখি আগুৱাই অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

Leave A Reply

Your email address will not be published.