ভাৰতত বাতিল ৮টা বেংকৰ অনুজ্ঞাপত্ৰ


ভাৰতীয় ৰিজাৰ্ভ বেংকে এই নিয়ম মানি নচলাৰ বাবে ২০২২-২০২৩ বিত্তীয় বৰ্ষত ৮টা বেংকৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ লগতে ১১৪টা বেংকৰ জৰিমনা বিহিছে।এই বেংকসমূহ যথেষ্ট সময় ধৰি আৰ্থিক সমস্যাত ভুগি আছিল।

অনুজ্ঞাপত্ৰ বাতিল কৰা আঠটা বেংকৰ ভিতৰত উল্লেখযোগ্য হ’ল মুধল সমবায় বেংক, মিল্লাথ সমবায় বেংক, টকা সমবায় বেংক, ডেকান সমবায় বেংক, লক্ষ্মী সমবায় বেংক আৰু বাবাজী ঋণ মহিলা নগৰীয়া বেংক।

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি পৰ্যাপ্ত মূলধনৰ অভাৱ, নিয়ন্ত্ৰণ আইনৰ অধীনত বিধিগত নীতি-নিয়ম পালন নকৰা আৰু ভৱিষ্যতে উপাৰ্জনৰ সম্ভাৱনা নথকাৰ বাবে এই বেংকসমূহৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হৈছে।

বিগত বিত্তীয় বৰ্ষতো আৰ বি আইয়ে একেদৰেই ১২টা বেংকৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছিল। ইয়াৰ উপৰিও ১১৪টা বেংকক ৫০ হাজাৰ টকাৰ পৰা ৫ লাখ টকালৈ জৰিমনা বিহা হয়। কিন্তু ইয়াৰে ৮টা বেংকে জৰিমনা আদায় দিও নিজৰ কাম-কাজ সলনি কৰিব নোৱাৰিলে। আৰু সেইবাবেই ২০২২-২০২৩ বিত্তীয় বৰ্ষত সেই আঠটা বেংকৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হ’ল।

বেংকক প্ৰথমে শাস্তি আৰোপ কৰি সকীয়াই দিয়া হয় বুলি আৰ বি আইয়ে প্ৰকাশ কৰে। অৱশ্যে নিয়ম মানি নচলে অনুজ্ঞাপত্ৰ বাতিল কৰা হ’ব।

ভাৰতৰ কেন্দ্ৰীয় বেংকেও কয় যে বেংকৰ অনুজ্ঞাপত্ৰ বাতিল হ’লে গ্ৰাহকে বেংকৰ পৰা ৫ লাখ টকা পৰ্যন্ত উলিয়াব পাৰিব। ইয়াতকৈ অধিক ধনৰাশি হ’লে উলিওৱাটো বৰ কঠিন হৈ পৰে। আনহাতে বেংকৰ জৰিমনা বিহা হ’লে গ্ৰাহকৰ ওপৰত কোনো প্ৰভাৱ নপৰে। গ্ৰাহকে পূৰ্বৰ দৰে ধন জমা বা উলিয়াব পাৰিব।

AssamDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment