ভাৰতৰ বেলিষ্টিক মিছাইল ইন্টাৰচেপ্টৰৰ সফল উৎক্ষেপণ

শনিবাৰে ভাৰতে বেলিষ্টিক মিছাইল ইন্টাৰচেপ্টৰৰ সফল পৰীক্ষণ কৰে। দেশখনৰ নৌসেনা আৰু প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডি আৰ ডি অ’)ৰ উদ্যোগত উড়িশাৰ উপকূলত এই বেলিষ্টিক মিছাইল ইন্টাৰচেপ্টৰটো সফলতাৰে উৎক্ষেপণ কৰা হয়।

ডি আৰ ডি অ’ই এক বিবৃতিত কয় যে শনিবাৰে বিৰোধীৰ বেলিষ্টিক মিছাইল আক্ৰমণ নিষ্ক্ৰিয় কৰিবলৈ বেলিষ্টিক মিছাইল ইন্টাৰচেপ্টৰ সফলতাৰে উৎক্ষেপণ কৰা হয়। সফল উৎক্ষেপণৰ পিছতে নৌসেনা আৰু ডি আৰ ডি অ’ক অভিনন্দন জনায় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। ডি আৰ ডি অ’ৰ মুৰব্বী সমীৰ ভি কামাতে প্ৰতিৰক্ষা মন্ত্ৰীক অভিনন্দন জনাই কয় যে ভাৰত ক্ৰমান্বয়ে আধুনিক যুদ্ধ অভিযান্ত্ৰিকীত আত্মনিৰ্ভৰশীলতাৰ দিশত আগবাঢ়িছে।’

কমসংখ্যক দেশতে এণ্ডো-এটম’স্ফেৰিক ইন্টাৰচেপ্টৰ মিছাইল আছে। এই ক্ষেপণাস্ত্ৰই আন দেশৰ পৰা অহা শত্ৰুৰ ক্ষেপণাস্ত্ৰ ধৰা পেলোৱা আৰু ধ্বংস কৰাৰ ক্ষমতা আছে।

মন কৰিবলগীয়া যে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই যোৱা মাৰ্চ মাহত দেশৰ প্ৰযুক্তিৰে নিৰ্মিত এই চুটি দূৰত্বৰ ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষা সম্পন্ন কৰিছিল। উড়িশাৰ চণ্ডীপুৰ টেষ্ট চেণ্টাৰত এই বিমান বিৰোধী ক্ষেপণাস্ত্ৰৰ সফলতাৰে পৰীক্ষা কৰা হয়। ‘পৃষ্ঠৰ পৰা বায়ুলৈ’ ক্ষেপণাস্ত্ৰই লক্ষ্যত সঠিকভাৱে আঘাত কৰে বুলি প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰে।

AssamAssamese NewsDaily time axomIndiaInternationalWorld
Comments (0)
Add Comment