Daily Time Axom

চাইক্লিং ফেডাৰেচন অৱ ইণ্ডিয়াৰ যুটীয়া সম্পাদক নির্বাচিত ড০ তপন দাস

0 26

ৰঙালীৰ আনন্দৰ মাজতে ৰাজ্যৰ ক্ৰীড়া ক্ষেত্রখনলৈ আহিছে এটা সুখবৰ। ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া ক্ষেত্রখনত পুনৰ এজন অসমৰ ক্ৰীড়া সংগঠকে নেতৃত্ব দিয়াৰ সুযোগ লাভ কৰিছে। দেওবাৰে নৈনিতালত অনুষ্ঠিত চাইক্লিং ফেডাৰেচন অৱ ইণ্ডিয়াৰ বাৰ্ষিক সাধাৰণ সভা আৰু নিৰ্বাচনত পৰৱৰ্তী কাৰ্যকালৰ বাবে যুটীয়া সম্পাদক হিচাপে নির্বাচিত হৈছে চাইক্লিং সন্থা, অসমৰ সাধাৰণ সম্পাদক ড০ তপন দাস। ড০ তপন দাসে লাভ কৰা এই দায়িত্বৰ ফলত অসমত চাইক্লিং খেলবিধৰ আৰু অধিক উত্তৰণ হ’ব বুলি আশা কৰিছে চাইক্লিং এছোচিয়েশ্বন অৱ আসামৰ বিষয়ববীয়াসকলে। আজি চাইক্লিং ফেডাৰেচন অৱ ইণ্ডিয়াৰ ২৫ জনীয়া কমিটিখন গঠন কৰা হয়। পৰৱৰ্তী কাৰ্যকালৰ বাবে দেশৰ প্ৰতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙৰ পুত্র পঙ্কজ সিং ( উত্তৰ প্ৰদেশ চাইক্লিং সন্থা) সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ লগতে দিল্লীৰ মনিন্দৰ পাল সিং সম্পাদক আৰু কেৰালাৰ সুদীশ কুমাৰ এছ এছ কোষাধ্যক্ষ হিচাপে নিৰ্বাচিত হয়।

Leave A Reply

Your email address will not be published.