Daily Time Axom

টীয়কত গাঁওৰক্ষী বাহিনীৰ বিনামূলীয়া চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত

0 42


আজি যোৰহাট আই কেয়াৰ ফাউণ্ডেশ্যন টীয়ক থানাৰ অন্তৰ্গত টীয়ক থানা সমিতিৰ উদ্যোগত চাইন প্লাছ, লাহদৈগড়,বামুণপুখুৰী,চেলেং আৰক্ষী চকীৰ গাঁওৰক্ষী বাহিনী আৰু পি এণ্ড হেল্থ কেয়াৰৰ সহযোগত টীয়ক আৰক্ষী থানাৰ চৌহদত এক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰু শিশু ৰোগ পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হৈছে।টীয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অজিত তেৰাঙে শুভাৰম্ভ কৰা এই স্বাস্থ্য পৰীক্ষা শিবিৰত প্ৰায় শতাধিক ৰোগীক স্বাস্থ্য পৰীক্ষা কৰা হৈছে।লগতে বিনামূলীয়াকৈ প্ৰয়োজনীয় ঔষধ,চচমা আদি প্ৰদান কৰা হয়।উল্লেখযোগ্য প্ৰশাসন আৰু জনসাধাৰণৰ মাজৰ সম্বন্ধ আৰু অধিক সুচল কৰাৰ স্বাৰ্থতে এই স্বাস্থ্য পৰীক্ষা শিবিৰটি অনুষ্ঠিত কৰা হৈছে বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে।

Leave A Reply

Your email address will not be published.