বিভিন্ন কাৰণত শৰীৰ ভাগৰুৱা হ’ব পাৰে। শাৰীৰিক পৰিশ্ৰম, খাদ্যাভ্যাস বেয়া, মানসিক চাপ, বিৰক্তি আৰু টোপনিৰ অভাৱৰ বাবে সাধাৰণতে শৰীৰ ভাগৰুৱা হৈ পৰে। কেতিয়াবা অত্যধিক কামৰ চাপৰ বাবে শৰীৰটো ভাগৰুৱা হৈ পৰে। তেনে ক্ষেত্ৰত জীৱনশৈলীত কিছু পৰিৱৰ্তন কৰি ভাগৰ কমাব পাৰি। উদাহৰণ স্বৰূপে-
পৰ্যাপ্ত পৰিমাণে পানী খাব লাগে: শৰীৰৰ সকলো প্ৰক্ৰিয়া পানীৰ ওপৰত নিৰ্ভৰশীল। দৈনিক ভাগৰুৱা হোৱাৰ অন্যতম প্ৰধান কাৰণ হ’ল পানীলগা। বিশেষজ্ঞসকলৰ মতে, শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক ছয়ৰ পৰা আঠ গিলাচ পানী সেৱন কৰিব লাগে।
বিৰতি লওক: আজিকালি বেছিভাগ মানুহেই বেছিভাগ সময় স্ক্রিনত কটায়। আধা ঘণ্টাৰ পিছত স্ক্রিনত পৰা বিৰতি লওক যাতে ভাগৰ দূৰ হয়। চকু আৰু মন দুয়োটাৰে উপকাৰ হয়। কম্পিউটাৰৰ সন্মুখত ঘণ্টাৰ পিছত ঘণ্টা কাম কৰিলেও বিপাকীয় ক্ৰিয়াত ব্যাঘাত জন্মে। এই কাৰণে কামৰ মাজত মাজে মাজে খোজ কাঢ়িব লাগে।
খাদ্যৰ উন্নতি: পৰ্যাপ্ত পৰিমাণে কাৰ্বহাইড্ৰেটযুক্ত খাদ্য খাব লাগে। তেজত চেনিৰ মাত্ৰা সুস্থিৰ হ’লে শৰীৰ ভাগৰুৱা নহয়।
পৰ্যাপ্ত টোপনি: ভাগৰুৱা অৱস্থাত প্ৰায়ে টোপনি বেয়া হয়। ভাল টোপনিৰ বাবে নিৰ্দিষ্ট সময়ত শুব আৰু নিৰ্দিষ্ট সময়ত সাৰ পাব।
ধ্যান: ধ্যানে আপোনাক শক্তিশালী আৰু জাগ্ৰত কৰে। এই কাৰণে দিনটোত কমেও ২০ মিনিট ধ্যান কৰিব লাগে। প্ৰথমে ৫ মিনিট, তাৰ পিছত ক্ৰমান্বয়ে সময় বৃদ্ধি কৰক। ইমান দেহ-মন সজীৱ হৈ উঠিব।