ক্ৰিকেটক জটিল কৰি তোলা হৈছেঃ তেণ্ডুলকাৰ

ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ আজি জন্মদিন। ক্ৰিকেটৰ আটাইতকৈ উজ্জ্বল তাৰকাগৰাকীৰ বয়স ৫০ বছৰ হ’ল। ২০১৩ চনত শচীনে অৱসৰ লোৱাৰ পিছত ক্ৰিকেটৰ আইনৰ বহু পৰিৱৰ্তন ঘটিছে। এই পৰিৱৰ্তনবোৰ দেখি শচীনে অনুভৱ কৰে যে ক্ৰিকেট জটিল হৈ পৰিছে। বিশেষকৈ শচীনে মন্তব্য কৰে যে ‘আম্পায়াৰচ কল’ বিষয়টো তেওঁৰ একেবাৰেই পচন্দৰ নাছিল।

‘নিউজ-১৮’ক দিয়া এক সাক্ষাৎকাৰত শচীনে কয়, ‘এতিয়া ক্ৰিকেট খেলাটো কঠিন হৈ পৰিছে। ক্ৰিকেটত সকলো কঠিন হৈ পৰিছে কাৰণ আমি বাৰে বাৰে নিয়ম সলনি কৰি আছো। আমি এটা নিৰ্দিষ্ট নিয়মত অটল থকা উচিত। সেই নিয়মটোৱে যদি সঠিকভাৱে কাম কৰে তেন্তে জটিলতাৰ সৃষ্টি নহ’ব। এটা কথা মনত ৰাখিব লাগিব যে ক্ৰিকেটৰ তিনিটা ভিন্ন সংস্কৰণ আছে। পৃথিৱীত তিনি ধৰণে খেলা খেল খুব কম। সঁচাকৈ বুজি পোৱা নাই ক্ৰিকেটৰ আইন বনোৱা সকলে আচলতে কি ভাবে।’

Assamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment