দক্ষিণৰ অভিনেত্ৰী সামন্থা ৰুথ প্ৰভুৱে এক অদ্ভুত সময়ৰ মাজেৰে পাৰ হৈছে। এফালে তেওঁৰ সদ্য মুক্তি পোৱা ছবি ‘শকুন্তলাম’ বক্স অফিচত বিফল হ’ল।

ইয়াৰ পিছত সমালোচকে অভিনেত্ৰীগৰাকীক সমালোচনা কৰিছে। তেওঁৰ কেৰিয়াৰ প্ৰায় শেষ হৈছে বুলি দাবী কৰিছে দক্ষিণৰ এজন সুপৰিচিত প্ৰযোজক আৰু পৰিচালকে। ইয়াৰ মাজতে পুনৰ আন এক নতুন বিতৰ্কৰ সন্মুখীন হৈছে সামান্থা।
শেহতীয়াকৈ অভিনেতা বৰুণ ধাৱনৰ সৈতে লণ্ডনত ‘চিটাডেল’ৰ প্ৰিমিয়াৰত অংশ লৈছিল অভিনেত্ৰীগৰাকীয়ে। তাৰ পৰাই আৰম্ভ হৈছিল নতুন জল্পনা-কল্পনা। তালৈ যোৱাৰ পিছত তেওঁৰ মন সলনি হৈছে। তেওঁৰ ভাষাও সলনি হৈছে। সামান্থাৰ সাক্ষাৎকাৰৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত বিয়পিবলৈ ধৰিলে।