গৰ্ভাৱস্থাত মহিলাৰ ভোক সাধাৰণতকৈ বেছি হয়। কেৱল ভোকেই নহয়, হৰম’নৰ কাৰণত এই সময়ত ৰুচিৰ পৰিৱৰ্তনো হয়। গতিকে বিভিন্ন ধৰণৰ খাদ্য খাবলৈ মন যায়। কিন্তু এই সময়ত যেতিয়া আপুনি যি বিচাৰে খাব নোৱাৰে। কিছুমান বিশেষ খাদ্য আছে যিবোৰ মহিলাই গৰ্ভৱতী অৱস্থাত একেবাৰে পৰিহাৰ কৰিব লাগে।
গৰ্ভাৱস্থাৰ প্ৰথম তিনিমাহত আনাৰস খাব নালাগে। ইয়াত ব্ৰ’মেলিন নামৰ এনজাইম এটাই গৰ্ভপাতৰ সৃষ্টি কৰিব পাৰে বা অকাল প্ৰসৱৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে।
অমিতাত লেটেক্স থাকে। গৰ্ভাৱস্থাত বেছিকৈ খালে গৰ্ভপাতৰ সম্ভাৱনা বৃদ্ধি পায়।
আঙুৰৰ ওপৰত বহুত ‘কীটনাশক’ ব্যৱহাৰ কৰা হয়। যিয়ে মাতৃ আৰু গৰ্ভস্থ সন্তানৰ ক্ষতি কৰে।
অজিনামোটো- খাদ্যৰ সোৱাদ বৃদ্ধিৰ বাবে অজিনামোটো ব্যৱহাৰ কৰা হয়। কিন্তু ইয়াৰ ফলত পেশীৰ সমস্যা, মূৰ ঘূৰোৱা, বমি ইত্যাদি হয়। আনকি মগজুতো ইয়াৰ প্ৰভাৱ পৰে। গতিকে এই সময়ত অজিনামোটোৱে আগবঢ়োৱা খাদ্য পৰিহাৰ কৰক।
ৰেষ্টুৰেণ্টত বিশেষকৈ চিংৰা একো নাখাব কাৰণ বেছিভাগ দোকানতে চিংৰাৰ সোৱাদ আৰু সুগন্ধি ধৰি ৰাখিব পৰাকৈ ভালদৰে ৰান্ধিব নোৱাৰে। অনুচিত ৰন্ধা-বঢ়া কৰিলে কেইবাটাও বেক্টেৰিয়া ৰৈ যায় যাৰ ফলত পেটৰ সমস্যা হ’ব পাৰে। ইয়াৰ উপৰিও চিংৰাৰ পৰা এলাৰ্জীৰ সমস্যাও দেখা যায়। গতিকে এই সময়ছোৱাত চিংৰা, স্কুইড বা অন্যান্য সাগৰীয় খাদ্য পৰিহাৰ কৰাটোৱেই উত্তম।
কেঁচা শাক-পাচলি – কেঁচা শাক-পাচলিত বিভিন্ন ধৰণৰ পোক-পৰুৱা আৰু পৰজীৱী থাকে, যিবোৰ গ্ৰহণ কৰিলে মাতৃ আৰু শিশু উভয়কে ক্ষতি কৰিব পাৰে।
(এই প্ৰতিবেদন কেৱল সাধাৰণ তথ্যৰ বাবেহে, গতিকে সবিশেষৰ বাবে সদায় বিশেষজ্ঞৰ পৰামৰ্শ লওক)