এজন যদি কুমেৰুত আনজন সুমেৰুত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক মুকলিকৈ ধন্যবাদ জ্ঞাপন কৰিছে তেওঁৰ ফেচবুক পেজত।
তেওঁ লিখিছে…
মোৰ বাবে আনন্দৰ দিন। শিৱসাগৰবাসীৰ বাবে আনন্দৰ দিন।ৰংঘৰ প্ৰকল্পৰ ডিজাইন চূড়ান্তকৰণৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সভাপতিত্বত বহা বৈঠকত মোৰ প্ৰায় ১০০ শতাংশ প্ৰস্তাৱ মুখ্যমন্ত্ৰীয়ে মানি ল’লে। মোৰ শিৱসাগৰক লৈ থকা বহু সপোন আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সন্মুখত তুলি ধৰিলো আৰু মুখ্যমন্ত্ৰীয়ে বিষয়বোৰ বুজি আনুষ্ঠানিক স্বীকৃতি দিলে।বহু কামৰ আনুষ্ঠানিক প্ৰতিশ্ৰুতি লাভ কৰিলো। মই আজি বহুত সুখী। দিনৰ ১১ বজাত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা বৈঠকত যোৰহাটৰ সাংসদ তপন গগৈ, বিধায়কসকল- দেৱব্ৰত শইকীয়া, যোগেন মহন, প্ৰদীপ হাজৰিকা, সুশান্ত বৰগোহাঁই, ধৰ্মেশ্বৰ কোঁৱৰ, অভিভাৱক মন্ত্ৰী ডা০ ৰণোজ পেগু, মুখ্যমন্ত্ৰীৰ উপদেষ্টা পৱিত্ৰ মাৰ্ঘেৰিটা আৰু সংশ্লিষ্ট বিষয়াবৰ্গ উপস্থিত আছিল। বাধা-বিঘিনিৰ পাছতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোৰ প্ৰস্তাৱবোৰ এটা এটাকৈ মানি লোৱা বাবে ধন্যবাদ জনালো। আপোনালোকক এটা এটাকৈ খবৰবোৰ জনাই আছো।