নিউজ ডেস্ক, ২৪ এপ্ৰিলঃ বৰপেটাত দুই যুৱতীৰ ওপৰত মৰেল পুলিচিঙৰ ভয়ংকৰ ঘটনা। ৰাষ্ট্রীয় ঘাইপথৰ বেঁকী নৈৰ দলঙৰ সমীপত এই ঘটনা সংঘটিত হয়। যুৱতীক দুগৰাকীক আগুৰি ধৰি বগৰাই বগৰাই মাৰ পিট কৰে উদণ্ড যুৱকে।
এখন ধাবাত অনৈতিক কাৰ্য চলোৱাৰ অভিযোগত দুয়োকে নিৰ্যাতন চলাই একাংশ লোকে। ৰাজপথতে বাঁহেৰে মৰিয়াওৱাৰ উপৰিও ভৰি, হাতেৰে প্ৰহাৰ কৰি অকথ্য নিৰ্যাতন চলাই দুই যুৱতীক।
আনহাতে ধাবাখন ভাঙি লণ্ডভণ্ড কৰে স্থানীয় একাংশ লোকে। ধাবাত থকা এজন গ্ৰাহককো প্ৰহাৰ কৰে তেওঁলোকে। পৰৱৰ্তী সময়ত যুৱতী কেইগৰাকীক স্থানীয় আৰক্ষী থানাত চমজাই দিয়ে স্থানীয় লোকে। আনহাতে আইন হাতত তুলি লোৱা সকলৰ বিৰুদ্ধে আৰক্ষীক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাই সচেতন ৰাইজে।
Comments are closed, but trackbacks and pingbacks are open.