নিউজ ডেস্ক, ২৪ এপ্ৰিলঃ চামগুৰিত দুৰ্ঘটনাগ্ৰস্ত কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়াৰ বাহন। নিশা অনুষ্ঠান পৰিৱেশন কৰি ওভতাৰ পথত সংঘটিত হয় এই দুৰ্ঘটনা।নলবাৰীত এক সংগীতানুষ্ঠান শেষ কৰি শিৱসাগৰ অভিমুখে আহি আছিল শিল্পীগৰাকী। এখন যাত্ৰীবাহী টেম্পুৰ সৈতে মুখামুখি সংঘৰ্ষ হয় শিল্পীগৰাকীৰ ইন’ভা বাহন। সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত শিল্পীগৰাকী আৰু চালক। টেম্পুখনৰ চালকজনো আঘাতপ্ৰাপ্ত।
দুৰ্ঘটনাটত শিল্পী কৃষ্ণমণি চুতীয়া , ইন’ভা বাহনখনৰ চালকসহ সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয় টেম্পোখনৰ চালকজন। এই দুৰ্ঘটনাত দুয়োখন বাহন ক্ষতিগ্ৰস্ত হয়। টেম্পোখন ভুল পথেৰে অহাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয় বুলি মন্তব্য কৰিছে কৃষ্ণমণি চুতীয়াই।