ইটালীৰ পৰ্টোফিন’ চহৰত পৰ্যটকে ল’ব নোৱাৰিব চেলফি অন্য়থা ভৰিব লাগিব ৩০০ মাৰ্কিন ডলাৰ

নিউজ ডেস্ক, ২৪ এপ্ৰিলঃ ইটালীৰ পৰ্টোফিন’ চহৰত এতিয়াৰে পৰা পৰ্যটকে ল’ব নোৱাৰিব চেলফি। চেলফি উঠিলেই ভৰিব লাগিব ৩০০ মাৰ্কিন ডলাৰ অৰ্থাৎ ভাৰতীয় হিচাপৰ ২৪,৭৭৭ টকাৰ জৰিমনা। পৰ্টোফিন’ৰ মেয়ৰ মেটিঅ’ ভিয়াকাভাৰ মতে অৰাজক পৰিৱেশৰ বাবে পৰ্যটকসকলেই দায়ী। এতিয়াৰে পৰা পৰ্টোফিন’ চহৰক no-waiting zone ঘোষণা কৰিছে মেটিঅ’ ভিয়াকাভাৰে।

পুৱা ১০.৩০ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ বাহাল থাকিব এই নিৰ্দেশনা।চেলফি উঠিলেই ভৰিব লাগিব ২৪,৭৭৭ টকাৰ জৰিমনা। এই ঘোষণা কৰাৰ পাছতেই এতিয়া ইটালীৰ পৰ্টোফিন’ চহৰত থকা পৰ্যটকসকলৰ মাজত চাঞ্চল্য সৃষ্টি হৈছে।

Assamese NewsDaily time axomfineInternationalItalyPortofinoTaking Selfie