অৰ্বাজ খানৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পিছত দীৰ্ঘদিন ধৰি অৰ্জুন কাপুৰৰ সৈতে সম্পৰ্কত আছে মালাইকা অৰোৰা। কিছুদিন পূৰ্বে অভিনেত্ৰীগৰাকীয়ে কৈছিল যে তেওঁ জীৱনৰ পৰৱৰ্তী অধ্যায়ৰ বাবে সাজু। গতিকে, মলাইকা আৰু অৰ্জুনক অতি সোনকালে বিবাহ বান্ধোনত বান্ধ খোৱা দেখা যাব নেকি? এই সন্দৰ্ভত জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। ইয়াৰ মাজতে অভিনেত্ৰীগৰাকীয়ে দুয়োৰে মাজৰ সম্পৰ্ক সম্পৰ্কে কেইবাটাও অজ্ঞাত কথা প্ৰকাশ কৰে।
শেহতীয়াকৈ মলাইকাই কয় যে তেওঁ নিয়মিতভাৱে অৰ্জুনৰ বাবে নিজে ৰান্ধে। কেৱল সেয়াই নহয়, অৰ্জুনে চাহো কৰিব নোৱাৰে। তাক ৰান্ধিবলৈ কোৱাটোও মূৰ্খামি। মলাইকাৰ ভাষাত, “মই অৰ্জুনৰ বাবে ৰান্ধো। ৰান্ধিব নজনা মানুহক কামটো দি লাভ নাই। কিন্তু মই ৰন্ধা-বঢ়া কৰি বহুত ভাল পাওঁ।”
দুয়োৰে বয়সৰ পাৰ্থক্য ১২ বছৰ। তাৰ ওপৰত তাই এটা সন্তানৰ মাতৃ। অৰ্জুনৰ সৈতে সম্পৰ্কৰ প্ৰথম দিনত বহু বিতৰ্ক আৰু সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল মলাইকাই। কিন্তু সময়ৰ লগে লগে পৰিস্থিতি সলনি হৈছে। এটা সাক্ষাৎকাৰত মালাইকাই কয় যে বয়সৰ পাৰ্থক্যই কেতিয়াও তেওঁলোকৰ প্ৰেমৰ বাটত বাধাৰ সৃষ্টি কৰা নাই। মালাইকাই ক’লে, “অৰ্জুন বয়সতকৈ বহুত বেছি পৰিপক্ক। তেওঁ বৰ কেয়াৰিং। আজিকালি তেওঁৰ দৰে মানুহ বিচাৰি পোৱা নাযায় বুলি মই ভাবো।”
অৰ্জুনৰ লগত কেতিয়া বিয়াৰ উপক্ৰমত বহি আছে তেওঁ? ‘চায়া চায়া’ৰ তাৰকাগৰাকীয়ে কয়, ‘অৰ্জুন আৰু মই নিশ্চিতভাৱে আমাৰ সম্পৰ্কক পৰৱৰ্তী স্তৰলৈ লৈ যাব বিচাৰো। মই ভাবো আমি দুয়ো তাৰ বাবে সাজু। কিন্তু আমি এতিয়াই বেছি পৰিকল্পনা কৰিব নিবিচাৰো।”