নিউজ ডেস্ক, ২৬ এপ্ৰিলঃ কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰৰ মাজতেই কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই বুধবাৰে মাইচুৰুৰ এখন ৰেষ্টুৰেণ্টত দোচা বনোৱাত ব্যস্ত হৈ পৰে।
বুধবাৰে পুৱা কংগ্ৰেছৰ ৰাজ্যিক মুৰব্বী ডি কে শিৱকুমাৰ, দলৰ সাধাৰণ সম্পাদক আৰু কৰ্ণাটকৰ ভাৰপ্ৰাপ্ত বিষয়া ৰণদীপ সিং সুৰজেৱালাৰ লগতে আন কেইজনমান ব্যক্তিৰ সৈতে পুৱাৰ আহাৰ গ্ৰহণ কৰিবৰ বাবে মাইচুৰুৰ আটাইতকৈ পুৰণি হোটেল মাইলাৰীলৈ যায়। তাত ইডলি আৰু দোচা খোৱাৰ পিছত প্ৰিয়ংকা গান্ধী ভাদ্ৰাই দোচা বনোৱাৰ কৌশল শিকিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। এই কথাত ৰেষ্টুৰেণ্টৰ গৰাকীয়ে তেওঁক হোটেলৰ ৰন্ধন গৃহলৈ লৈ গৈছিল।
ইয়াৰপিছতই প্ৰিয়ংকা গান্ধী ভাদ্ৰাই দোচা বনাবলৈ চেষ্টা কৰে। লগতে ৰেষ্টুৰেণ্টখনৰ মালিক আৰু তেওঁৰ পৰিয়ালক ধন্যবাদ জনায়।
Comments are closed, but trackbacks and pingbacks are open.