Daily Time Axom

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১ মে’ৰ পৰা হাতী চাফাৰী আৰু ১৬ মে’ৰ পৰা জীপ চাফাৰী বন্ধ হ’ব

56

নিউজ ডেস্ক, ২৬ এপ্ৰিলঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১ মে’ৰ পৰা হাতী ছাফাৰী আৰু ১৬ মে’ৰ পৰা পৰ্যটকৰ বাবে বন্ধ হ’ব জীপ ছাফাৰী৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই এক জাননী যোগে সদৰি কৰিছে এই নিৰ্দেশনা।

বাৰিষাৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি বছৰে মে’ মাহৰ প্ৰথম ভাগতে ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে বন্ধ কৰাটো প্ৰচলিত নিয়ম৷ কিন্তু পৰ্যটকৰ সুবিধাৰ বাবে মে’ মাহৰ প্ৰথম পোন্ধৰ দিন জীপ ছাফাৰী অব্যাহত ৰখাৰ বিপৰীতে ১ মে’ৰ পৰা হাতী ছাফাৰী বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে উদ্যান কৰ্তৃপক্ষই।

উল্লেখ্য যে, মাৰ্চ মাহ পৰ্যন্ত তিনি লাখ চৈধ্য হাজাৰ পৰ্যটকৰ আগমনেৰে অভিলেখৰ সৃষ্টি কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই এক জাননী যোগে সদৰি কৰিছে এই নিৰ্দেশনা৷

Comments are closed, but trackbacks and pingbacks are open.