জালুকবাৰীৰ ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত অঘটন! পানীৰ ফোৱাৰাত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু যুৱকৰ

নিউজ ডেস্ক, ২৭ এপ্ৰিলঃ জালুকবাৰীৰ সুধাকণ্ঠৰ সমাধি ক্ষেত্ৰত অঘটন। বিদ্যুৎস্পৃষ্ট হৈ পাণ্ডুৰ যুৱকৰ মৃত্যু। পাণ্ডুৰ BBC কলনীৰ শুভম ৰয় নামৰ যুৱকজনৰ মৃত্যু। পানীৰ ফোৱাৰাত স্পৰ্শ কৰাত বিদ্যুৎস্পৃষ্ট হয় যুৱকজন।

জানিব পৰা মতে, পৰিয়ালৰ সৈতে সমাধিক্ষেত্ৰ দৰ্শন কৰিবলৈ আহিছিল যুৱকজন। সেই সময়ছোৱাতে সমাধিক্ষেত্ৰৰ পানীৰ ফাউন্টেইনত হঠাৎ বিদ্যুৎস্পৃষ্ট হৈ আঘাতপ্ৰাপ্ত হয়। যুৱকজনক ততাতৈয়াকৈ লৈ যোৱা হয় চিকিৎসালয়লৈ। কিন্তু দুৰ্ভাগ্যক্ৰমে চিকিৎসকে মৃত ঘোষণা কৰে যুৱকজনক।

AssamAssamese NewsDaily time axomDeathElectrocutionGuwahatiIndia