বিজনীৰ ভাওৰাগুৰীত আৰক্ষীৰ জালত কুখ্যাত ডকাইতৰ দল

নিউজ ডেস্ক, ২৭ এপ্ৰিলঃ বিজনীৰ ভাওৰাগুৰীত কুখ্যাত ডকাইতৰ দল আৰক্ষীৰ জালত। আঠ জনীয়া ডকাইতৰ দলে মহিন্দ্ৰা জাইলো’ আৰু টাটা মেজিক গাড়ীৰে ডকাইত কৰিবলৈ আহি গ্ৰেপ্তাৰ হয় দলটো। তৰোৱাল, খুকুৰী আৰু দেগাৰ লৈ আহিছিল ডকাইতৰ দলটোৱে।দলটোৰ পৰা নগদ ধন ১৫,৮৫০ টকাসহ চোকা অস্ত্ৰ, আঠটা মোবাইল ফোন, কেবাখনো ছিম কাৰ্ড জব্দ কৰে আৰক্ষীয়ে।

বিজনীৰ মহকুমা আৰক্ষী বিষয়া প্ৰণৱজ্যোতি কলিতাৰ নেতৃত্বত আৰক্ষীৰ দলে অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ডকাইতৰ দলটোক।আৰক্ষীৰ গোপন খবৰৰ ভিত্তিত বিজনীৰ ভাওৰাগুৰীৰ পৰা গ্ৰেপ্তাৰ কৰে ডকাইতৰ দলটোক। ডকাইতৰ দলটো ক্ৰমে চিৰাং জিলাৰ হাস্ৰাওবাৰীৰ কুটুব আলী আৰু আশ্ৰফ আলী, ছাটিপুৰৰ আনিছুৰ ৰহমান, বিলাসপুৰৰ মহবুবুৰ ৰহমান, ভাওৰাগুৰীৰ ৰছিদুল আলী, নীলিবাৰীৰ হবু শ্বেখ, পশ্চিম বিলাসপুৰৰ বাছেৰ আলী আকন্দ আৰু বঙাইগাঁও জিলাৰ গৰাইমাৰীৰ আব্দুল মজিদ।

আৰক্ষীয়ে ডকাইতৰ দলটোৱে ব্যৱহাৰ কৰা AS 19D 7473 নম্বৰৰ মহিন্দ্ৰা জাইলো’ আৰু AS 19C 4245 নম্বৰৰ মালবাহী টাটা মেজিক গাড়ী দুখন জব্দ কৰি বিজনী থানালৈ লৈ আহে।ডকাইতৰ দলটোৱে এক বৃহৎ পৰিকল্পনা কৰিছিল যদিও আৰক্ষীৰ তৎপৰতাত বিফল হয়।

ArrestAssamAssamese NewsBijniBijni PoliceDaily time axomIndiaRobbery