Daily Time Axom

কেৰেলাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে যানবাহন আইন অমান্য কৰাৰ অভিযোগ

67

নিউজ ডেস্ক, ২৭ এপ্ৰিলঃ প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে কেৰেলাৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু মটৰ পৰিবহন বিভাগৰ ওচৰত অভিযোগ।প্ৰধানমন্ত্ৰীগৰাকীয়ে যানবাহন আইন অমান্য কৰাৰ অভিযোগ এজন লোকৰ।

দুদিনীয়া ভ্ৰমণসূচীৰে কেৰাললৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিভিন্ন কাৰ্যসূচীৰ উপৰিও কোচি আৰু তিৰুৱন্তমপুৰত ৰোড শ্ব’ত অংশগ্ৰহণ কৰিছিল। এই ৰোড শ্ব’ৰ মাজতে প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁ ভ্ৰমণ কৰা বাহনখনৰ দুৱাৰত ওলমি ৰাইজলৈ হাত জোকাৰিছিল।

তেওঁৰ এই কাৰ্যই যান-বাহন আইন উলংঘন কৰিছিল। এই সময়ছোৱাত প্ৰধানমন্ত্ৰীগৰাকীৰ বাহনলৈ ৰাইজে চতিয়াইছিল ফুল। ফলত চালকৰো অসুবিধা হৈছিল বুলি অভিযোগ দাখিল কৰিছে এই লোকজনে।

কেৰালাৰ জয়কৃষ্ণন নামৰ এই লোকজনে এইদৰে আইন অমান্য কৰাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে।

Comments are closed, but trackbacks and pingbacks are open.