Daily Time Axom

পশ্চিম বংগত এক শোকাৱহ ঘটনা! বজ্ৰপাত পৰি প্ৰায় ১৪ জন লোকৰ মৃত্যু

46

নিউজ ডেস্ক, ২৮ এপ্ৰিলঃ পশ্চিম বংগত এক শোকাৱহ ঘটনা। বৃহস্পতিবাৰে নিশা পশ্চিম বংগৰ ৫খন জিলাত বজ্ৰপাত পৰি প্ৰায় ১৪ জন লোকৰ মৃত্যু হৈছে।

দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ এজন বিষয়াই জনোৱা মতে, ৰাজ্যখনৰ বিভিন্ন স্থানত এই লোককেইজনৰ মৃত্যু হয়। মৃত লোকসকলৰ ভিতৰত একাংশই খেতিয়ক বুলি জানিব পৰা গৈছে। ইয়াৰে পূব বৰ্ধমান জিলাত চাৰিজন আৰু মুৰ্শিদাবাদ আৰু উত্তৰ-২৪ পৰগণাত দুজনকৈ লোকৰ মৃত্যু হৈছে। ইয়াৰোপৰি পশ্চিম মেদিনীপুৰ আৰু হাওৰা গ্ৰাম্যত তিনিজনকৈ লোকৰ মৃত্যু হৈছে।

Comments are closed, but trackbacks and pingbacks are open.