অভিনেত্ৰী জিয়া খানৰ আত্মহত্যাৰ গোচৰ,সুৰজ পাঞ্চালীক দোষমুক্ত ঘোষণা CBIৰ

নিউজ ডেস্ক, ২৮ এপ্ৰিলঃ জিয়া খানৰ মৃত্যুৰ গোচৰৰ ৰায়দান দিয়ে আজি মুম্বাইৰ কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ বিশেষ ব্যুৰোৰ আদালতে। জিয়া খানৰ মৃত্যুৰ অভিযোগত অভিনেতা সূৰজ পাঞ্চালীক দোষমুক্ত ঘোষণা কৰা হৈছে। আদালতে কয় য, সূৰজ পাঞ্চালীৰ বিৰুদ্ধে কোনো প্ৰমাণ পোৱা নাই, সেয়ে তেওঁক অভিযোগৰ পৰা মুক্ত কৰা হৈছে।

উল্লেখ্য যে, ২০১৩ চনৰ ৩ জুনত মুম্বাইৰ নিজৰ ঘৰত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল জিয়া খানৰ মৃতদেহ। এসপ্তাহৰ পাছত জিয়া খানে লিখা চিঠিৰ ভিত্তিত মুম্বাই আৰক্ষীয়ে সূৰজ পাঞ্চালীক ৩০৬ (আত্মহত্যাৰ সহায়) ধাৰাত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে। চিঠিখনত জিয়াই সুৰজ পাঞ্চালীৰ সৈতে থকা সম্পৰ্কৰ লগতে শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱা বুলিও কয়।

AcquittedAssamese NewsCBIDaily time axomIndiaJiah KhanSooraj PancholiSuicide Case