নিউজ ডেস্ক, ২৮ এপ্ৰিলঃ ঘোষণা হ’ল ২০২৩ বৰ্ষৰ ফিল্মফেয়াৰ বঁটা। বৃহস্পতিবাৰে নিশা ফিল্মফেয়াৰ এৱাৰ্ডৰ ৬৮ সংখ্যক সংস্কৰণৰ জৰিয়তে বলীউডৰ এই বঁটা ঘোষণা কৰা হয়। সঞ্জয় লীলা ভাঞ্চালীৰ ‘গংগুবাই কঠিয়াৱাড়ী’ আৰু হৰ্ষবৰ্ধন কুলকাৰ্ণীৰ ‘বধাই দো’ বিজয়ীৰ তালিকাত আছিল। ‘গংগুবাই কাঠিয়াৱাডী’য়ে শ্ৰেষ্ঠ ছবি, সঞ্জয় লীলা ভাঞ্চালীক শ্ৰেষ্ঠ পৰিচালক আৰু আলিয়া ভাটৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীকে ধৰি ১০টা ট্ৰফী লাভ কৰে।
ৰাজকুমাৰ ৰাৱে ‘বধাই দো’ত অভিনয় কৰি শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে। ইফালে টাবু আৰু ভূমি পেডনেকাৰে ক্ৰমে ভূল ভুলাইয়া ২ আৰু ‘বধাই দো’ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰী (সমালোচক)ৰ বঁটা লাভ কৰে। সমালোচক শাখাত সঞ্জয় মিশ্ৰই বধত অভিনয় কৰি শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে। প্ৰবীণ অভিনেতা প্ৰেম চোপ্ৰাক লাইফটাইম এচিভমেণ্ট বঁটা প্ৰদান কৰা হয়। অনেকৰ অভিনেত্ৰী আন্দ্ৰেয়া কেভিচুছাই শ্ৰেষ্ঠ অভিষেক (মহিলা) বঁটা লাভ কৰে।
আনহাতে, বলীউডৰ ফিল্মফেয়াৰ এৱাৰ্ডছত উজ্বলিল অসম সন্তান।বৰপেটাৰ সুমন অধিকাৰীয়ে আজুৰিলে দুটাকৈ বঁটা। ‘বধাই দো’ ছবিখনৰ বাবে দুটাকৈ বঁটা লাভ কৰে সুমনে।কাহিনী, চিত্রনাট্য শিতানত দুটা বঁটা লাভ কৰে সুমন অধিকাৰীয়ে।