নিউজ ডেস্ক, ২৮ এপ্ৰিলঃ মনিপুৰৰ চোৰাছান্দপুৰ জিলাত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। ইয়াৰপিছতেই ৰাজ্যখনত ইণ্টাৰনেট সেৱা কৰ্তনৰ লগতে জাৰি কৰা হৈছে সান্ধ্য আইন। পুৱা ৮ বজাৰ পৰা ITLFৰ ৮ ঘণ্টীয়া জিলা বন্ধ ঘোষণা। এই বন্ধৰ প্ৰাক সন্ধ্যা চোৰাছান্দপুৰত সৃষ্টি হয় উত্তেজনাৰ। নৱনিৰ্মিত ৰাজহুৱা জিমখানাত অগ্নিসংযোগ কৰে ক্ষুব্ধ জনতাই।
আজি জিমটো উদ্বোধন কৰাৰ কথা আছিল মুখ্যমন্ত্ৰী এন বীৰেন সিঙে। বনাঞ্চল সংৰক্ষণ, সম্প্ৰসাৰণৰ নামত জনজাতিসকলক উচ্ছেদ কৰাৰ বিৰুদ্ধে এই প্ৰতিবাদ। ইম্ফলত তিনিটাকৈ গিৰ্জাক অবৈধ ঘোষণা কৰি ভাঙি পেলোৱাত ক্ষুব্ধ হৈ পৰে জনতা।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ জনতাক ছত্ৰভঙ্গ দিয়ে যদিও জনতাই শ শ চকী জ্বলাই দিয়ে আৰু অনুষ্ঠান স্থলী ক্ষতিগ্ৰস্ত কৰে। ইণ্ডিজেনাছ ট্ৰাইব লিডাৰ্ছ ফ’ৰামে চোৰাছান্দপুৰ সম্পূৰ্ণৰূপে বন্ধ ৰখাৰ আহ্বান জনোৱাৰ লগে লগে জনতাই এই আক্ৰমণ সংঘটিত কৰে।