Daily Time Axom

দুৰ্ঘটনাত পতিত কণ্ঠশিল্পী দীপলিনা ডেকাৰ বাদ্যযন্ত্রী সংগীবৃন্দৰ বাহন

50

নিউজ ডেস্ক, ২৮ এপ্ৰিলঃ চামগুৰিত কণ্ঠশিল্পী দীপলিনা ডেকাৰ বাদ্যযন্ত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত। নিশা লখিমপুৰৰ সংগীতানুষ্ঠানৰ পৰা গুৱাহাটীলৈ আহি থকা অৱস্থাতে দুৰ্ঘটনাত পতিত হয় ইন’ভা বাহনখন। ভুল দিশেৰে আহি থকা ট্ৰাকৰ সৈতে বাহনখনৰ মুখামুখি সংঘৰ্ষত এই দুৰ্ঘটনা সংঘটিত হয় । দুৰ্ঘটনাৰ ফলত সামান্য পৰিমাণে আহত হয় দীপলিনাৰ ৪গৰাকী বাদ্যযন্ত্ৰী।

দুৰ্ঘটনাটো সংঘটিত কৰি ট্ৰাক খন পলায়নৰ চেষ্টা কৰোতেই ইন’ভা বাহনখনত থকা বাদ্যযন্ত্রৰ সংগীসকলে আবদ্ধ কৰি ৰাখে ট্ৰাকখন।

Comments are closed, but trackbacks and pingbacks are open.