Daily Time Axom

মহানগৰীৰ পাণ্ডুত অগ্নিদগ্ধ অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ

26

নিউজ ডেস্ক, ২৮ এপ্ৰিলঃ মহানগৰীৰ পাণ্ডুত অঘটন। পাণ্ডু কেবিনৰ সমীপত পুৱাই উদ্ধাৰ এটা মৃতদেহ। অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ কৰা হয় এজন যুৱকৰ মৃতদেহ। যুৱকজনক কোনো দুৰ্বৃত্তই নিৰ্মমভাৱে নিশা হত্যা কৰাৰ সন্দেহ কৰা হৈছে। মৃত লোকজনৰ পৰিচয় বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। খবৰ পোৱাৰ পিছতেই জালুকবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। ইয়াৰপিছতেই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Comments are closed, but trackbacks and pingbacks are open.