Daily Time Axom

যৌতুকৰ বাবেই চিলাপথাৰৰ এগৰাকী যুৱতীক গছত বান্ধি অত্যাচাৰ স্বামীৰ পৰিয়ালৰ

61

নিউজ ডেস্ক, ২৯ এপ্ৰিলঃ যৌতুকৰ বাবেই চিলাপথাৰৰ এগৰাকী যুৱতীক গছত বান্ধি অত্যাচাৰ। চিলাপথাৰৰ এগৰাকী যুৱতীক স্বামীৰ পৰিয়ালে অকথ্য নিৰ্যাতন চলোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে নিৰ্যাতিতা যুৱতীগৰাকীৰ লগতে তেওঁৰ পৰিয়ালে।

যুৱতীগৰাকীয়ে ২০২০ চনত বিবাহপাশত আবদ্ধ হৈছিল লখিমপুৰ জিলাৰ চাউলধোৱা আৰক্ষী চকীৰ অন্তৰ্গত কাটৰি চাপৰিলৈ । কিন্তু বিয়াৰ কিছুদিনৰ পিছৰপৰাই স্বামীৰ পৰিয়ালে যৌতুক বিচাৰি যুৱতীগৰাকীক নিৰ্যাতন চলাই আহিছিল । সেই সন্দৰ্ভত যুৱতীগৰাকীয়ে প্ৰায় এবছৰ পূৰ্বে ধেমাজি আদালতত গোচৰ তৰিছিল যদিও স্বামীৰ পৰিয়ালে যুৱতীগৰাকীক গোচৰ উঠাই লবলৈ বাধ্য কৰায় ।

ইয়াৰপিছতেই চলিত মাহৰ ৮ তাৰিখে গোচৰ উঠাই যুৱতীগৰাকীয়ে পিতৃৰ লগত স্বামীগৃহলৈ যায় যদিও ঘৰত প্ৰৱেশ কৰিব নিদিয়ে স্বামীৰ পৰিয়ালে । তাৰ সলনি যুৱতীগৰাকীক এজোপা গছত বান্ধি অকথ্য নিৰ্যাতন চলায় স্বামীৰ পৰিয়ালে । প্ৰত্যক্ষদৰ্শীয়ে চাউলধোৱা আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে যুৱতীগৰাকীক উদ্ধাৰ কৰে । কিন্তু ৰহস্যজনকভাৱে যুৱতীগৰাকীয়ে নিৰ্যাতন চলোৱাৰ ফটো ভিডিঅ’সহ চাউলধোৱা আৰক্ষীক স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ যায় যদিও আৰক্ষীয়ে গোচৰ ল’বলৈ অমান্তি হয় । আজি চিলাপথাৰত এই অভিযোগ উত্থাপন কৰি যুৱতীগৰাকীয়ে সংবাদ মাধ্যমৰ জৰিয়তে ন্যায় বিচাৰে।

Comments are closed, but trackbacks and pingbacks are open.