Daily Time Axom

পঞ্জাৱৰ লুধিয়ানাৰ গিয়াচপুৰাত ভয়ংকৰ ঘটনা, গেছ নিৰ্গমনৰ ফলত মৃত্যু ৬জন লোকৰ

23

নিউজ ডেস্ক, ৩০ এপ্ৰিলঃ পঞ্জাৱৰ লুধিয়ানাৰ গিয়াচপুৰাত ভয়ংকৰ ঘটনা৷ গেছ নিৰ্গমনৰ ফলত মৃত্যু হৈছে ৬জন লোকৰ, অসুস্থ ১০জনৰো অধিক লোক৷

দেওবাৰে লুধিয়ানাৰ এটা কাৰখানাত গেছ নিৰ্গমনৰ ফলত এই ঘটনা সংঘটিত হয়। অসুস্থসকলক ততাতৈয়াকৈ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। গেছ লিকেজৰ কাৰণ কি জানিব পৰা হোৱা নাই।

উদ্ধাৰ অভিযানৰ বাবে ঘটনাস্থলীত এন ডি আৰ এফৰ এটা দল উপস্থিত হয়।আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ অঞ্চলটো ঘেৰাও কৰি ৰাখিছে। চিকিৎসক আৰু এম্বুলেন্সৰ দলো মাতি উপস্থিত হয়।

টুইটযোগে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে “লুধিয়ানাৰ গিয়াচপুৰা অঞ্চলৰ কাৰখানাত গেছ নিৰ্গমনৰ ঘটনা অতি দুখজনক বুলি কৈছে।”

Comments are closed, but trackbacks and pingbacks are open.