ধ্বংসস্তূপত পৰিণত হ’ল মহাৰাষ্ট্রৰ এটা অট্টালিকা, অট্টালিকা খহি ৩জনৰ মৃত্যু

নিউজ ডেস্ক, ৩০ এপ্ৰিলঃ ধ্বংসস্তূপত পৰিণত হ’ল মহাৰাষ্ট্রৰ এটা অট্টালিকা।অট্টালিকা খহি ৩জনৰ মৃত্যু, আহত হৈছে কেইবাজনো লোক। শনিবাৰে আবেলি মহাৰাষ্ট্ৰৰ ভিৱান্দিত সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে, অট্টালিকাটোৰ দ্বিতীয় মহলাত ৩ ৰ পৰা ৪ টা পৰিয়াল বাস কৰিছিল।সেইসময়ত শ্ৰমিকসকলে অট্টালিকাৰ তলৰ মহলাত কাম কৰি আছিল।

ঘটনাস্থলীত থানে দুৰ্যোগ সঁহাৰি বাহিনীৰ কৰ্মীৰ সহায়ত ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ থকা ১১ জন লোকক উদ্ধাৰ কৰে। আহত লোকসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

মুখ্যমন্ত্ৰী একনাথ ছিন্দেই মৃতকৰ পৰিয়ালক ৫ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে। লগতে ৰাজ্য চৰকাৰে আহতসকলৰ চিকিৎসাৰ ব্যয় বহন কৰিব বুলি জানিবলৈ দিয়ে।

Assamese NewsBuilding CollapseDaily time axomDeathEknath ShindeIndiaInjuredMaharashtra