নিউজ ডেস্ক, ১ মে’-হ্ৰাস পালে বাণিজ্যিক ৰন্ধন গেছ চিলিণ্ডাৰৰ দাম। প্ৰতিটো ১৯ কেজিৰ চিলিণ্ডাৰত ১৭১.৫০ টকাকৈ হ্ৰাস।আজিৰ পৰা কাৰ্যকৰী হ’ব বাণিজ্যিক চিলিণ্ডাৰৰ এই নতুন নিৰিখ। তেল বিপণন কোম্পানী ইণ্ডিয়ান অইলৰ ৱেবছাইটত এই নতুন মূল্যৰ তালিকাখন প্ৰকাশ কৰা হৈছে।
দিল্লীত এটা ১৯ কিলোগ্ৰাম গেছ চিলিণ্ডাৰৰ মূল্য ২,০২৮ টকাৰ পৰিৱৰ্তে এতিয়াৰে পৰা ১,৮৫৬.৫০ টকাত উপলব্ধ হ’ব। কলকাতাত ২,১৩২ টকাৰ পৰিৱৰ্তে ১,৯৬০.৫০ টকাত আৰু মুম্বাইত ১,৯৮০ টকাৰ পৰিৱৰ্তে ১,৮০৮.৫০ টকাত গ্ৰাহকে ক্ৰয় কৰিব পাৰিব। চেন্নাইত ২,০২১.৫০ টকাত উপলব্ধ হ’ব যাৰ মূল্য পূৰ্বে ২,১৯২.৫০ টকা আছিল।পাটনাত এলপিজিৰ মূল্য ২,১২২ টকা।
Comments are closed, but trackbacks and pingbacks are open.