ভাৰত চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত, ভাৰতত নিষিদ্ধ হ’ল ১৪ টাকৈ মেচেঞ্জাৰ এপ

নিউজ ডেস্ক, ১ মে’- ভাৰতত পুনৰ নিষিদ্ধ হ’ল পাকিস্তানী ম’বাইল এপ। ১৪ টাকৈ মেছেঞ্জাৰ বন্ধৰ সিদ্ধান্ত ভাৰত চৰকাৰৰ। সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ ৰোধৰ বাবে এই পদক্ষেপ চৰকাৰৰ। এই মেচেঞ্জাৰ মোবাইল এপৰ জৰিয়তে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীয়ে গোপন বাৰ্তা প্ৰেৰণ কৰিছিল।

ভাৰত চৰকাৰে নিষিদ্ধ কৰা এই মেচেঞ্জাৰ মোবাইল এপসমূহ হৈছে- Crypviser, Enigma, Safeswiss, Wickrme, Mediafire, Briar, BChat, Nandbox, Conion, IMO, Element, Second line, Zangi, Threema আদি।

চোৰাংচোৱা সংস্থাসমূহৰ দাবী যে এই মেচেঞ্জাৰ মোবাইল এপৰ জৰিয়তে জম্মু-কাশ্মীৰত থকা সন্ত্ৰাসবাদী সংগঠনসমূহে পাকিস্তানৰ ভূমিত থাকি সন্ত্ৰাসবাদী সংগঠনসমূহৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছিল।

Assamese NewsBannedDaily time axomIndiaMobile AppNew DelhiPakistan