ৰঙালী বিহু অনুষ্ঠানত অপমানিত কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ, কণ্ঠশিল্পীগৰাকীৰ বাদ্যযন্ত্ৰ ভাঙি দিয়াৰ ভাবুকি
নিউজ ডেস্ক, ১মে’- ডিব্ৰুগড়ৰ হাতীমূৰাত কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ সংগীতানুষ্ঠানত অথন্তৰ। সংগীতানুষ্ঠান সামৰাৰ পাছতো গীত পৰিৱেশনৰ দাবী কণ্ঠশিল্পীগৰাকীক।
গীত পৰিৱেশন নকৰিলে কণ্ঠশিল্পীগৰাকীৰ বাদ্যযন্ত্র ভাঙি দিয়াৰ ভাবুকি একাংশৰ। ডিব্ৰুগড়ৰ হাতীমুৰাত অনুষ্ঠিত হোৱা ৰঙালী বিহু সন্মিলনত কন্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ অনুষ্ঠানত উদযাপন সমিতিৰ মইমতালি। কণ্ঠশিল্পীজনে অনুষ্ঠান সামৰাৰ পাছতো অতিৰিক্ত সময় গীত গাবলৈ বাধ্য কৰালে উদযাপন সমিতিৰ একাংশই।
অভিযোগ অনুসৰি, সেই সময়ত উদযাপন সমিতিৰ এইসকল বিষয়ববীয়াই সুৰা সেৱন কৰি আছিল। মঞ্চতে সৃষ্টি হোৱা এই অপ্ৰীতিকৰ পৰিস্থিতিৰ মাজতে বাদ্যযন্ত্ৰ ভাঙি পেলোৱাৰ ধমক দিয়া বিষয়ববীয়াক উদ্দেশ্যি তেওঁ এই ঘটনাত আঘাত পোৱাৰ কথা উল্লেখ কৰে।
Comments are closed, but trackbacks and pingbacks are open.