নিউজ ডেস্ক, ১ মে’- বাল্য বিবাহৰ অভিযোগত গহপুৰত ২ ভাতৃক গ্ৰেপ্তাৰ। কিশোৰীক পলুৱাই নি গ্ৰেপ্তাৰ হয় যুৱক দুজন। জয়ন্ত দাস আৰু ৰঞ্জিত দাস নামৰ ২ যুৱকক গ্ৰেপ্তাৰ কৰে গহপুৰ আৰক্ষীয়ে।
জানিব পৰা মতে, যোৱা ২৭ এপ্ৰিলত গহপুৰৰ মাগনী কছাৰীৰ এগৰাকী ১৬ বছৰীয়া কিশোৰীক বিয়াৰ প্ৰলোভনেৰে পলুৱাই নিছিল ৰাংছালীৰ জয়ন্ত দাসে ।
জয়ন্তই কিশোৰীগৰাকীক লৈ জখলাবন্ধাৰ এখন হোটেলত কাম কৰা জয়ন্তৰ ভাতৃ ৰঞ্জিত দাসৰ ভাড়াঘৰত থাকে।
কিশোৰী গৰাকীৰ নিৰুদ্দেশ হোৱাৰ সন্দৰ্ভত কিশোৰীগৰাকীৰ অভিভাৱকে গহপুৰ আৰক্ষীৰ কাষ চাপে । ইয়াৰ পিছতে গহপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বাবুল কুমাৰ মেধীয়ে কিশোৰীগৰাকীক উদ্ধাৰ কৰে।
অৱশেষত জখলাবন্ধাৰ পৰা যুৱতীগৰাকীক উদ্ধাৰ কৰি জয়ন্ত আৰু ৰঞ্জিতক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে।