প্ৰতি বছৰে ছলমান খানৰ ছবি ঈদৰ দিনা মুক্তি পায়। এইবাৰো তেনেকুৱাই হৈছিল।
ঈদৰ দিনা মুক্তি পাইছিল ছলমানৰ বহু প্ৰত্যাশিত ছবি ‘কিছি কা ভাই কিছি কি জান’। দীৰ্ঘ ইতিহাসে কয় যে প্ৰতিবাৰেই ছলমানৰ ছবি ব্লকবাষ্টাৰ হিট হৈ আহিছে। অৱশ্যে এইবাৰ সেয়া নহ’ল। ছলমানৰ নতুন ছবিখনে বক্স অফিচত বিশেষ যাদু দেখুৱাব নোৱাৰিলে। বক্স অফিচৰ ৰাজহৰ ক্ষেত্ৰত ই কেনেবাকৈ ১০০ কোটি হাউচত উপনীত হৈছে। ইয়াৰ মাজতে শুনা গৈছে যে ভাইজান ডাঙৰ সিদ্ধান্ত ল’বলৈ ওলাইছে।
ছলমানে কিছুদিনৰ পৰা চিনেমা জগতৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত লৈছে। সেয়েহে অহা ঈদত (২০২৪) মুক্তি নাপাব ছলমানৰ ছবিখন।
ভাৰতীয় সংবাদ মাধ্যম হিন্দুস্তান টাইমছৰ মতে, কেৱল ‘কিছি কা ভাই কিচি কি জান’ ছবিখনেই নহয়, ছলমানৰ কেইবাখনো ছবি কেইবাবৰো বিফল হৈছে।