নিউজ ডেস্ক, ২ মে’- নাথুলাত আৱদ্ধ ৪০গৰাকী পৰ্যটকক উদ্ধাৰ কৰি আশ্ৰয় প্ৰদান সীমান্ত পথ সংস্থা (BRO)ৰ। ধাৰাষাৰ বৰষুণৰ ফলত আৱদ্ধ হৈ পৰে পৰ্যটকসকল। সোমবাৰে সীমান্ত পথ সংস্থাই ধাৰাসাৰ বৰষুণৰ ফলত ছিকিমৰ নাথুলাত আৱদ্ধ হৈ থকা ৪০ গৰাকী পৰ্যটকক উদ্ধাৰ কৰে।
উদ্ধাৰৰ পিছত, পৰ্যটকসকলক গৰম আহাৰ আৰু BROৰ প্ৰকল্প স্বষ্টিকৰ কৰ্মীসকলে আশ্ৰয় দিছিল। স্বস্তিকৰ দ্বাৰা পৰৱৰ্তী সময়ত পথ মুকলি কৰি গেংটকলৈ প্ৰেৰণ কৰে পৰ্যটকসকলক।
এই উদ্ধাৰ অভিযান ডিজি লেফটেনেণ্ট জেনেৰেল ৰাজীৱ চৌধুৰীৰ অধীনত কৰা হৈছিল। ১৫-১৭ মাৰ্চৰ পৰা ধাৰাসাৰ বৰষুণ, বৰফ আৰু শিলাবৃষ্টিৰ ফলত ছিকিমত বতৰৰ পৰিস্থিতি অধিক অৱনতি ঘটিছিল।
Comments are closed, but trackbacks and pingbacks are open.