নিউজ ডেস্ক, ২ মে’- বোকাখাতত নিশা গুলীচালনাৰ ঘটনা। মহকুমা আৰক্ষী বিষয়াৰ কাৰ্যালয়, আৱাস গৃহ চৌহদত এই ঘটনা সংঘটিত হৈছে।নিৰাপত্তাৰক্ষীৰ AK47 ৰাইফলৰ পৰা ফুটিল এজাঁই গুলী। নিৰাপত্তাৰক্ষীজন মহকুমা আৰক্ষী বিষয়া ৰেণুকান্তলা শীতল কুমাৰ।
শূন্যলৈ গুলী চলালে চোটেলাল শৰ্মা নামৰ নিৰাপত্তাৰক্ষীজনে। ৪ নিৰাপত্তাৰক্ষীৰ মাজত হোৱা সংঘাতৰ পিছতেই এই কাণ্ড সংঘটিত হয়। নিশাই চাৰিওগৰাকী নিৰাপত্তাৰক্ষীকে আটক কৰে আৰক্ষীয়ে। চাৰিওগৰাকী নিৰাপত্তাৰক্ষীৰ AK47 ৰাইফল জব্দ কৰে আৰক্ষীয়ে। আৰক্ষীয়ে আটক কৰে চটেলাল শৰ্মা, কংকণ পাটৰ, কংকণ দাস, মাধুৰ্য বৰঠাকুৰক ৷