নিউজ ডেস্ক, ২ মে’-জুইত জাহ গ’ল কলিয়াবৰৰ শিলঘাট অসম সমবায় মৰাপাট কল। বিধ্বংসী অগ্নিকাণ্ডত ক্ষতি বহু লক্ষাধিক টকাৰ সামগ্ৰী। মঙলবাৰে পুৱা কলটোৰ প্ৰাৰম্ভিক ইউনিটত জুইৰ সূত্ৰপাত হয়।
অগ্নিকাণ্ডৰ ফলত ইউনিটটোত সামগ্ৰী তৈয়াৰীৰ বাবে মজুত কৰি ৰখা বুজন পৰিমাণৰ মৰাপাট ভষ্মীভূত হোৱাৰ লগতে যন্ত্ৰ-পাতিৰো ক্ষতিসাধন হয়। জানিব পৰা মতে, মেচিনত হোৱা চৰ্টচাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি কল কৰ্তৃপক্ষৰ সন্দেহ।
অগ্নি নিৰ্বাপক বাহিনীৰ ৬ খন গাড়ীয়ে জুই নুমোৱাবলৈ জুই নিয়ন্ত্ৰণ কৰে যদিও মৰাপাটৰ দম আৰু কলটিৰ চাদত বহু সময়লৈ জুই জ্বলি থাকে।
অগ্নিকাণ্ডৰ ফলত কলটিৰ প্ৰায় লক্ষাধিক টকাৰ ক্ষয় ক্ষতি হোৱা বুলি প্ৰকাশ কৰিছে কল কৰ্তৃপক্ষই।