নিউজ ডেস্ক, ২ মে’- বীৰ লাচিত সেনাৰ সাংগঠনিক সচিব শৃংখল চলিহাক গ্ৰেপ্তাৰ শিৱসাগৰ আৰক্ষীৰ। বিহুৰ চান্দা বিচাৰি ব্যৱসায়ীৰ মুখত থুৱাই আৰক্ষীৰ ৰোষত পৰিল শৃংখল চলিহা৷ গ্ৰেপ্তাৰ কৰা হয় শৃংখল চলিহাক৷ টুইটযোগে এই কথা জনালে জি পি সিঙে৷
সোমবাৰে সন্ধিয়া চলিহাৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু কৰা হৈছিল। অভিযোগ মতে, চলিহাই বিহুৰ চান্দাৰ উপৰি আছুতীয়াকৈ টেক্স নিদিয়াৰ বাবে ব্যৱসায়ী অংকুশ কেডিয়াৰ মুখত থুৱাইছিল।শৃংখল চলিহাৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত ৰুজু হৈছিল গোচৰ৷ আৰক্ষীয়ে আজি পুৱা চলিহাক এই গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে। শিৱসাগৰৰ ঘৰৰ পৰাই তেওঁক আটক কৰি থানালৈ অনা হয়।