তৃতীয় বৰ্গৰ ফলাফলক লৈ বৃহৎ ঘোষণা, ২ বজাত ঘোষণা হ’ব তৃতীয় বৰ্গৰ চাকৰিৰ ফলাফল

নিউজ ডেস্ক, ৩ মে’- আজি ঘোষণা হ’ব তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল। ফলাফল সন্দৰ্ভত নিযুক্তি আয়োগৰ সংবাদমেল সম্বোধন। ১১,৫১০ টা পদৰ বিপৰীতে ১১,৩২৪ গৰাকী প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰিছে।
স্নাতক পদৰ বাবে ৭,৪১৪টা পদত বাছনি। ৩,৪০৮ গৰাকী সাধাৰণ শ্ৰেণীৰ, ১,৭২৬ গৰাকী OBC, ৪৮০ গৰাকী SC, ৭৫১জন ST(P)ৰ, ৬৮৩জন EWS, ২৪৪ গৰাকী PWBD, ১২২জন এক্স ছাৰ্ভিছমেন আৰু ১,৭৮৩জন RFW পদত বাছনি কৰিছে নিযুক্তি আয়োগে।

প্ৰাৰ্থীসকলে তেওঁলোকৰ ফলাফলসমূহ অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA)ৰ ৱেবচাইট www.sebaonline.orgত চাব পাৰিব।

AssamAssamese NewsDaily time axomGuwahatiIndiaJobResult