নিউজ ডেস্ক, ৩ মে’- WAPCOS Ltdৰ প্ৰাক্তন CMD ৰাজেন্দ্ৰ কুমাৰ গুপ্তাৰ বাসগৃহত অভিযানত CBIয়ে জব্দ কৰে ২০ কোটি টকা। মঙলবাৰে WAPCOS Ltdৰ প্ৰাক্তন CMD ৰাজেন্দ্ৰ কুমাৰ গুপ্তাৰ চৌহদত অভিযান চলাই ২০ কোটি টকা জব্দ কৰে।
চিবিআইয়ে ১৯ টা স্থানৰ পৰা নগদ ২০ কোটি টকা জব্দ কৰিছে। ইয়াৰ পূৰ্বে চিবিআইয়ে উপাৰ্জনতকৈ অধিক বেছি সম্পত্তি গোটোৱাৰ বাবে গোচৰ ৰুজু কৰিছিন। অভিযানৰ সময়ত গুপ্তাৰ পৰা বৃহৎ পৰিমাণৰ গহনা, মূল্যৱান সামগ্ৰী আৰু আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ কৰে।
চিবিআইয়ে জনাই যে, দিল্লী, গুৰুগ্ৰাম, পঞ্চকুলা, চনিপত আৰু চণ্ডিগড়ৰ ফ্লেট, বাণিজ্যিক সম্পত্তি আৰু ফাৰ্ম হাউচ আদি আছে লোকজনৰ।