Daily Time Axom

জামিন পোৱাৰ পিছত পুনৰ গ্ৰেপ্তাৰ শৃংখল চলিহাক

91

নিউজ ডেস্ক, ৩ মে’- জামিন পোৱাৰ পিছতেই শৃংখল চলিহাক পুনৰ গ্ৰেপ্তাৰ । ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ শৃংখলক । শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শৃংখল চলিহাক ।

উল্লেখ্য যে, বিহুৰ চান্দা তুলিবলৈ গৈ এজন ব্যৱসায়ীৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হৈছিল শৃংখল চলিহা। তাৰ মাজতে ব্যৱসায়ী অংকুশ কেডিয়াৰ মুখলৈ থুৱাই দিয়াৰ অভিযোগ উত্থাপন হৈছিল শৃংখলৰ বিৰুদ্ধে। সেই অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল। আজি কাৰাগাৰৰ পৰা ওলোৱাৰ সময়তে পুনৰ গ্ৰেপ্তাৰ কৰা হয় শৃংখলক।

Comments are closed, but trackbacks and pingbacks are open.