নিউজ ডেস্ক, ৩ মে’- ওদালগুৰিত বৃহৎ পৰিমাণৰ অস্ত্ৰ জব্দ। চিকাৰীদাঙা হাবিৰ পৰা অস্ত্ৰখিনি জব্দ কৰে ওদালগুৰি আৰক্ষীয়ে। ৬টা AK ছিৰিজৰ ৰাইফল, এটা 9mm পিষ্টল আৰু বৃহৎ পৰিমাণৰ সক্ৰিয় গুলী জব্দ কৰিছে আৰক্ষীয়ে। আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে টুইট কৰি এই বিষয়ে অৱগত কৰিছে।
সোমবাৰে নিশা উপ-আৰক্ষী অধীক্ষক জ্যোতি প্ৰসাদ পেগু, পৰিদৰ্শক ৰাজীৱ গোঁহাই আৰু লালপানী আৰক্ষী চকীৰ উপ-পৰিদৰ্শক ৰাজীৱ গোঁহাইৰ নেতৃত্বত চলিছিল এই অভিযান।
বৰ্তমানলৈকে এই অস্ত্ৰ ভাণ্ডাৰ কাৰ বা কোনে লুকুৱাই ৰাখিছিল সেই বিষয়ে জানিব পৰা নাই।এই সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত