নিউজ ডেস্ক, ৪ মে’- ছত্তিশগড়ৰ বেলড জিলাত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। ট্ৰাক আৰু এখন চাৰিচকীয়া বিবাহযাত্ৰী বাহনৰ মুখামুখি সংঘৰ্ষত ১১জনৰ মৃত্যু।
আৰক্ষীয়ে জনোৱা অনুসৰি, নিহত লোককেইজন ধামতাৰী জিলাৰ সোৰাম ভাটগাঁৱৰ আছিল। পৰিয়ালটো কাঙ্কেৰ জিলাৰ মাৰ্কাটোলা গাঁৱৰ এখন বিবাহলৈ গৈ আছিল।এজন প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, ৰাষ্ট্ৰীয় ঘাইপথেৰে তীব্ৰগতিৰে গৈ আছিল বাহনখন আৰু হঠাৎ ট্ৰাকৰ সৈতে বাহনখনৰ সংঘৰ্ষ হয়।
পৰৱৰ্তী সময়ত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় মেছিনেৰে বাহনখন কাটি মৃতদেহবোৰ উদ্ধাৰ কৰে।