নিউজ ডেস্ক, ৪ মে’- মাৰ্ঘেৰিটাত জঘন্য ঘটনা৷ ১২ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন চলাই হত্যা। আনন তাঁতী নামৰ নৰপিশাচটোৱে সংঘটিত কৰে এই জঘন্য কাণ্ড।
উল্লেখযোগ্য যে, ১ মে’ত মাতৃৰ সৈতে বিহু চাবলৈ গৈছিল কিশোৰীগৰাকী। ২ মে’ৰ পুৱা ৪মান বজাত কিশোৰীগৰাকীৰ টোপনি ধৰাত মাতৃয়ে আনন তাঁতীৰ ঘৰত থৈ গধূলি লৈ যাম বুলি জনায়।
মাতৃয়ে যেতিয়া ছোৱালীজনীক আনিবলৈ যায় তেতিয়া আনন তাঁতীয়ে কয় যে, পুৱা ৭ মান বজাতেই ছোৱালীজনীক মাকৰ ওচৰলৈ লৈ যাওঁতে মাজবাটতেই ঘৰলৈ যাব পাৰিম বুলি কওঁতে তেওঁ এৰি দিছিল।
পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে কিশোৰীগৰাকী নিৰুদ্দেশ হোৱাৰ খবৰ মাৰ্ঘেৰিটাৰ আৰক্ষী থানাত জনোৱাৰ পিছত আৰক্ষীৰ জেৰাত আনন তাঁতীৰ পত্নীয়ে স্বামীয়ে কৰা সমগ্ৰ ঘটনা আৰক্ষীক অৱগত কৰে।
আৰক্ষীৰ অনুসন্ধানত আনন তাঁতীৰ শৌচাগাৰৰ টেংকীৰ ভিতৰত উদ্ধাৰ হয় কিশোৰীগৰাকীৰ মৃতদেহ। কাপোৰেৰে টোপোলা কৰি সুমুৱাই ৰাখিছিল শৌচাগাৰৰ টেংকীত। বৰ্তমান অভিযুক্ত আনন তাঁতী পলাতক হৈ আছে।