জম্মু-কাশ্মীৰত বাসুসেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত

নিউজ ডেস্ক, ৪ মে’- জম্মু-কাশ্মীৰত বাসুসেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত। কিষ্টৱাৰ এলেকাৰ ঘন জংঘলত দুৰ্ঘটনাত পতিত হয় হেলিকপ্টাৰখন।হেলিকপ্টাৰখনত আছিল ৩জনকৈ জোৱান।

বেয়া বতৰৰ বাবে অঞ্চলটোত যোগাযোগ সেৱাই কাম কৰা নাছিল। দুৰ্ঘটনাটোৰ পিছতেই আৰক্ষী আৰু সেনাৰ দল দুৰ্ঘটনাস্থলীত উপস্থিত হয়।

উদ্ধাৰকাৰী দলটোয়ে হেলিকপ্টাৰখনৰ ধ্বংসাৱশেষ চেনাব নদীত পায়। আঘাতপ্ৰাপ্ত সেনাকেইজনক উদ্ধাৰৰ পিছতেই চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

Army ChopperAssamese NewsCrashDaily time axomIndiaInjuredJammu and KashmirKishtwar