Daily Time Axom

অৱশেষত ঘোষণা কৰা হ’ল চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল

62

নিউজ ডেস্ক, ৪ মে’- অৱশেষত ঘোষণা কৰা হ’ল চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল। ছেবাৰ ৱেবছাইট www.sebaonline.orgৰ লগতে www.assam.gov.inতো ফলাফল উপলব্ধ। ৬ মে’ত লটাৰীযোগে বিভাগ লাভ কৰিব প্ৰাৰ্থীসকলে। ১১ মে’ত নিযুক্তি-পত্ৰ প্ৰদান কৰিব চৰকাৰে।

উল্লেখ্য যে, লিখিত পৰীক্ষাত ৪,৪২,৭৮৫ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল। ইয়াৰে, মৌখিক পৰীক্ষাৰ বাবে নিৰ্বাচন ২৭,৪৭৫ গৰাকী প্ৰাৰ্থীক কৰা হৈছিল। ইয়াৰে ভিতৰত মুঠ ১৪,২৮১ গৰাকী প্ৰাৰ্থীয়ে চতুৰ্থ বৰ্গৰ চাকৰি লাভ কৰিছে।

চতুৰ্থ বৰ্গৰ নিৰ্বাচিত প্ৰাৰ্থীসকলৰ ভিতৰত ১,৭১৯ গৰাকী সাধাৰণ শ্ৰেণীৰ; ১,৪৯৬ গৰাকী SCৰ; ১৮৬৪জন ST(P); ৭৩১ গৰাকী ST(H); ৬,২৩৬ গৰাকী OBCৰ; ২,২৩৫জন EWS ৰ; ৫৪২গৰাকী PWBD আৰু ১২৩জন এক্স ছাৰ্ভিছমেন পদত বাছনি কৰিছে নিযুক্তি আয়োগে।

Comments are closed, but trackbacks and pingbacks are open.