মণিপুৰত অব্যাহত আছে হিংসা, ৰাজ্যখনত ৫ দিনৰ বাবে স্থগিত ৰখা হৈছে ইন্টাৰনেট

নিউজ ডেস্ক, ৪ মে’- মণিপুৰত বুধবাৰে জনজাতীয় গোটসমূহে অনুসূচীত জনজাতি শ্ৰেণীত মেইটেই সম্প্ৰদায়ক অন্তৰ্ভুক্ত কৰাৰ দাবীৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰে। এই আন্দোলনৰ সময়ত হিংসাত্মক ঘটনা সংঘটিত হৈছিল। ইয়াৰ পিছতেই ৰাজ্যখনৰ আঠখন জিলাত সান্ধ্য আইন জাৰি কৰা হৈছে আৰু ৰাজ্যজুৰি মোবাইল ইণ্টাৰনেট সেৱা স্থগিত ৰখা হৈছে।

অ-জনজাতীয় অধ্যুষিত অঞ্চল ইম্ফল পশ্চিম, কাকচিং, থৌবাল, জিৰিবাম আৰু বিষ্ণুপুৰ জিলা আৰু জনজাতীয় অধ্যুষিত চুৰাচান্দপুৰ, কাংপোকপি আৰু টেংনুপাল জিলাত কাৰ্ফিও জাৰি কৰা হৈছে। লগতে সমগ্ৰ ৰাজ্যত মোবাইল ইণ্টাৰনেট সেৱা পাঁচ দিনৰ বাবে স্থগিত ৰখা হৈছে।

এই ঘটনাৰ পিছতেই অলিম্পিক বিজয়ী মেৰী কমে টুইটযোগে দেশৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীক ঘটনা সন্দৰ্ভত উচিত ব্যৱস্থা লোৱাৰ বাবে আহ্বান জনায়।

Assamese NewsCurfewDaily time axomIndiaInternet SuspendedManipurNorth EastViolence