Daily Time Axom

গুৱাহাটীৰ শিশু নিৰ্যাতনত জড়িত চিকিৎসক ডাঃ ৱালিউল ইছলাম, বনকৰা মহিলা লক্ষ্মী ৰায়ক গ্ৰেপ্তাৰ

82

নিউজ ডেস্ক, ৬ মে’-গুৱাহাটীৰ শিশু নিৰ্যাতনত জড়িত চিকিৎসক ডাঃ ৱালিউল ইছলামক গ্ৰেপ্তাৰ। লগতে বনকৰা মহিলা লক্ষ্মী ৰায়কো গ্ৰেপ্তাৰ কৰে পল্টন বজাৰ আৰক্ষীয়ে। আনহাতে মনোৰোগ বিশেষজ্ঞ তথা ডাঃ সংগীতা দত্তই সম্প্রতি পলায়ন কৰিছে ।

ডাঃ ৱালিউল আৰু লক্ষ্মী নাথৰ বিৰুদ্ধে কেবাটাও গোচৰ ৰুজু কৰা হৈছে । বিয়লি দুয়োকে হাজিৰ কৰোৱা হ’ব আদালতত । আৰক্ষীৰে সন্মুখীন হোৱাৰ ভয়ত পলায়ন কৰাৰ সন্দেহ কৰা হৈছে চিকিৎসক ডাঃ সংগীতা দত্তক ।

অভিযোগ অনুসৰি চিকিৎসক দম্পত্তিহালে ৫ বছৰীয়া তুলনীয়া কন্যাক ঘৰৰ ছাদত প্ৰখৰ ৰ’দত বান্ধি চলাই আহিছিল নিৰ্যাতন ।

ইয়াৰোপৰি কন্যা শিশুটিৰ দেহত আছে আঘাতৰ চিন । শুকুৰবাৰে শিশুটিক নিৰ্যাতন চলোৱাৰ সময়তে স্থানীয় লোকে খবৰ দিয়ে আৰক্ষীক । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ শিশুটি উদ্ধাৰৰ কৰি চাইল্ড লাইনৰ হাতত গতাই দিয়ে ।

Comments are closed, but trackbacks and pingbacks are open.