Daily Time Axom

পুনৰ এনকাউণ্টাৰ, আৰক্ষীক আঘাত কৰি পলাবলৈ লোৱা ড্ৰাগছ সৰবৰাহকাৰীলৈ গুলীচালনা

49

নিউজ ডেস্ক, ৬ মে’- নগাঁৱৰ ধিঙত ড্ৰাগছ ব্যৱসায়ীলৈ আৰক্ষীৰ গুলীচালনা।আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোতে গুলীচালনা কৰে। ড্ৰাগছ ব্যৱসায়ীজনৰ আঠুৰ তলত লাগে গুলিটো।

ধিং আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী আবুল হুছেইন। আৰক্ষীৰ অভিযানত জব্দ ৯টা চাবোনৰ বাকচ ভৰ্তি নিষিদ্ধ হেৰইন । জব্দকৃত ড্ৰাগছ খিনিৰ বজাৰ মূল্য চাৰি লক্ষাধিক টকাৰ।

ধৃত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীটোৰ ঘৰ ধিঙৰ টুকটুকীত। টুকটুকীৰ নিজ গৃহৰ পৰাই আবুল হুছেইনে চলাই আছিল ড্ৰাগছৰ বেহা ।

Comments are closed, but trackbacks and pingbacks are open.