জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ, নিহত এজন সন্ত্ৰাসবাদী

নিউজ ডেস্ক, ৬ মে’- জম্মু-কাশ্মীৰৰ ৰাজৌৰীত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত হয় এজন সন্ত্ৰাসবাদী। শনিবাৰে পুৱা ৰাজৌৰী জিলাত নিৰাপত্তা বাহিনীয়ে সন্ত্রাসবাদীৰ উপস্থিতি জানিব পাৰি গুলীচালনা কৰে৷

উল্লেখ্য যে, শুকুৰবাৰে জম্মু-কাশ্মীৰৰ ৰাজৌৰীত চলোৱা অভিযানৰ সময়ত সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা বিস্ফোৰণত পাঁচজন সেনা জোৱান শ্বহীদ হৈছিল।

সেনাই প্ৰদান কৰা বিবৃতি অনুসৰি, “ৰাজৌৰী খণ্ডৰ কাণ্ডি বনাঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্যৰ ভিত্তিত ৩ মে’ত যৌথ অভিযান আৰম্ভ কৰা হৈছিল। শুকুৰবাৰে পুৱা এটা গুহাত আত্মগোপন কৰি থকা এটা সন্ত্ৰাসবাদী দলক ঘেৰাও কৰে অনুসন্ধানকাৰী দলটোৱে”।

অভিযানকাৰী দলটোৰ উপস্থিতিৰ কথা গম পাই সন্ত্ৰাসবাদীয়ে বিষ্ফোৰণ সংঘটিত কৰে। বিষ্ফোৰণত দুজন জোৱান শ্বহীদ হোৱাৰ লগতে এজন বিষয়াসহ চাৰিজন জোৱান আহত হয়।

আহত জোৱান কেইজনক উধামপুৰৰ কমাণ্ড হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও ইয়াৰে তিনিজনে মৃত্যুবৰণ কৰে।

Assamese NewsBaramullaDaily time axomIndiaJammu&KashmirKilledRajouriTerrorist